Skip to content
- ফাগুণ মানে ৰং, ফাগুণ মানে প্ৰেম, ফাগুণ মানে আনন্দ।সকলোলৈ হোলীৰ বহুত শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা। আশা কৰো হোলীৰ ৰঙে ৰঙীণ কৰি তোলক আপোনাৰ জীৱন।
- হোলীৰ বহুত বহুত শুভেচ্ছা। ফাকুৱাৰ ৰঙে সুদৃঢ় কৰক সুখ-শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। Happly holi 2026
- ৰংগে ফাগু খেলে চৈতন্য বনমালী। দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চত মুৰাৰি।। সকলোলৈ ফাকুৱাৰ শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা। আশা কৰো, হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক।
- আবিৰৰ ৰঙত ৰঙীন হওক সকলোৰে মন-প্ৰাণ। সকলোলৈ ফাকুৱাৰ বহুত শুভেচ্ছা।
- হোলীৰ শুভেচ্ছা থাকিল। আশা কৰো,পৃথিৱীৰ সকলো আনন্দ আপোনাৰ ওচৰলৈ আহক।
- হোলীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো পৃথিৱীখন হোলীৰ ৰঙৰ দৰে সুন্দৰ হৈ জিলিকি উঠক। Happy Holi 2026
- এই হোলীয়ে আপোনাৰ জীৱনলৈ শান্তি, সুখ, আৰু আনন্দৰ সকলো ৰং কঢ়িয়াই আনক! আপোনালৈ হোলীৰ বহুত শুভেচ্ছা।
- আহক আমি সকলোৱে হৃদয়ত প্ৰেম, ঐক্য আৰু বন্ধুত্বৰ ৰং অংকন কৰি ৰঙৰ উৎসৱ উদযাপন কৰো। সকলোলৈ হোলীৰ শুভেচ্ছা।
- আবিৰৰ ৰঙে বৰ্ণিল কৰক সকলোৰে মন ৷ সুখ-সমৃদ্ধিৰে ভৰি পৰক জীৱন ৷ সকলোলৈ ফাকুৱাৰ বহুত শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা। উৎসৱৰ এই মধুৰ সময়ে সকলোৰে জীৱন সুখ,শান্তি আৰু সমৃদ্ধিৰে ৰঙীন কৰি তোলক।
- Happly holi…হোলীৰ ৰঙে আপোনাৰ জীৱনটোক আনন্দ, প্ৰেম, আৰু সীমাহীন সুখেৰে ভৰাই তোলাক। হোলীৰ বহুত বহুত শুভেচ্ছা।
- হোলী মানে আনন্দ, আৰু ৰং। আশা কৰো হোলীৰ ৰঙৰ দৰে ধুনীয়া হৈ পৰক আপোনাৰ জীৱন। ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা।
- আপোনাক আৰু আপোনাৰ পৰিয়াললৈ হোলীৰ বহুত শুভেচ্ছা। আহক আমি সকলোৱে আনন্দ আৰু প্ৰেমেৰে হোলী উদযাপন কৰো।
- ফাকুৱাৰ ধেমালিয়ে ভৰাই দিয়ক হিয়া, শুভ হোলীৰ শুভেচ্ছা লোৱাঁ গৈ!
- ৰঙৰ পখিলা উৰিছে আকাশত, হোলীৰ শুভেচ্ছা পঠাওঁ তোমালৈ বাটে-বাটে!
- বসন্তৰ সুগন্ধত হোলীৰ ৰঙ, জীৱনত সদায় আহক নতুন ঢং! শুভ হোলী!
- ৰঙৰ উৎসৱ ফাকুৱাই সুদৃঢ় কৰক সুখ, শান্তি, সম্প্ৰীতি আৰু মৰম এনাজৰী!
- এই পবিত্ৰ উৎসৱে হৃদয়ত প্ৰেমৰ ৰং ভৰাই দিয়ে, ভাতৃত্ববোধৰ বন্ধন গঢ়ি তোলে আৰু সমাজত একতাৰ বার্তা প্ৰবাহিত কৰক।
- পবিত্ৰ দৌল উৎসৱৰ শুভক্ষণত আনন্দ, সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰে পৰিপূৰ্ণ হৈ উঠক সকলোৰে জীৱন।
- ৰঙৰ উৎসৱে আমাৰ জীৱন ৰঙীণ কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ নতুন বাৰ্তা।
- আবিৰৰ ৰঙে সকলোৰে মন-প্ৰাণ ৰঙীন কৰক, সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ লহৰ।
- দৌলৰ গীতেৰে হিয়া ভৰি দিয়া, হোলীৰ শুভেচ্ছাত সকলোকে সাৱটি লোৱা!
- হোলীৰ ৰঙ ঢাকি দিয়ক দুখৰ হাঁহি, জীৱনত সদায় থাকক সুখৰ বাতৰি!
- ৰঙে ৰঙে মিলন হ’ব, হৃদয়ৰ দূৰত্ব গলি যাব! শুভ হোলী!
- শুভ হোলী! ৰঙেৰে জীৱন উজলি উঠক, মিলনৰ সুৰেৰে হিয়াত বাজক প্ৰেমৰ তাল!
- বসন্তৰ দুৱাৰ খুলি, ফাগুনে উৰালে ধূলি, মন হ’ল উদুলি-মুদুলি। শুভ হোলী! ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো, ফাগুনী আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন।
- সকলোকে পবিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
- আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমূহ সদস্যলৈ ফাকুৱাৰ বহুত শুভেচ্ছা যাচিলোঁ। আহক, আমি সকলোৱে আনন্দমনেৰে হোলী উদযাপন কৰোঁ। Happy Holi 2026!
- ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাগুনী আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন। তাৰেই কামনাৰে হোলীৰ শুভেচ্ছা জনালোঁ।
- অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ ৰংবোৰ মিলিত হৈ ৰাজ্যবাসীলৈ কঢ়িয়াই আনক নতুন আশা, বিশ্বাস আৰু ভাতৃত্ববোধৰ বতৰা।
- ‘ৰঙে ফাগু খেলে চৈতন্য বনমালী, দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী’… ফাকুৱাৰ ৰঙেৰে উপচি পৰক সকলোৰে জীৱন। হিংসা-বিদ্বেষ আঁতৰ হৈ সমন্বয়ৰ এনাজৰী সুদৃঢ় হওক, তাৰে কামনাৰে মোৰ ফালৰ পৰা সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। Happy Holi!
- এই ৰঙে ৰঙীন কৰি তোলক আপোনাৰ জীৱন। হোলীৰ বহুত শুভকামনা জনালোঁ আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমূহ সদস্যলৈ।
- আবিৰৰ ৰঙেৰে আপোনাৰ জীৱন আৰু মনো ৰঙীন হৈ থাকক চিৰকাল। হোলীৰ অন্তহীন শুভেচ্ছা আপোনালৈ।
- হোলীৰ শুভেচ্ছা জনালোঁ। আবিৰৰ ৰং ছটিয়াই ৰঙীন কৰি তোলক মনৰ পদূলি।
- ৰংবোৰ নিজৰ হওক। ৰংবোৰ সপোনৰ হওক। ৰংবোৰ আপোন হওক। এই কামনাৰে আপোনাক জনালোঁ ৰঙৰ উৎসৱ ফাকুৱাৰ অন্তহীন শুভেচ্ছা।
- আপোনাৰ লগতে আপোনাৰ পৰিয়ালক সুন্দৰ মুহূৰ্ত আৰু ৰঙীন স্মৃতিৰে ভৰা হোলীৰ শুভেচ্ছা জনালো ।
- ৰঙৰ উৎসৱে আপোনাৰ জীৱনত আনন্দ, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। হোলীৰ বহুত শুভকামনা জনালোঁ
- হোলীৰ ৰঙে আপোনাৰ জীৱনক উজ্জ্বল কৰি তোলক আৰু আপোনাৰ হৃদয়খন মৰম আৰু সুখেৰে ভৰাই তোলক। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.
Signature: TLDRsoapE2z3TULKSQuD85csaQhYPCEwSFxrOd/s/Q+svFseG7XjTFDpD1epSppoaHKffyNdVgXFBT3Z1VXlFuqz/bqLAQHaiemlCDkxOYWCjtENMWhAEVhd9zC3F04O4UVzy+1u1g5DixWRs1xlBpQtA0ZXQ6g1KDhzdLEHV1i6MNgpnecmjP8XxdTD2D6x46zRITGYTMTJdGIOw5Z21K4S8HAAlmLSFARrsR5gaKvX0wfP4CFT+TPTjfwaGTC7l+mlrx7v6seuOyH6q1udFNMYTyRCRIDp+HbMWJZU+poY3i/vYpiczWL97pRTu9K9